মুখ্য পৃষ্ঠা
06/04/2517:37
এদিনৰ শ্মশান
নদী বোৰে অভিমান কৰে বৰষুণৰ
অত্যাচাৰত |
বগাই যায় ইখনৰ পিচত সিখন গাওঁ |
উটুৱাই নিয়ে দুৰ্ভগীয়াৰ শত শত ঘৰ |
বুকুত বান্ধী লৈ যায় বহু দুৰলৈ ,
ভঁৰালৰ ধান ,গোহালিৰ গৰু |
পথাৰ খন সাগৰ হয় ,নদী খন মহাসাগৰ |
হেৰায় যায় কাৰোবাৰ আঁচলৰ ধন |
মঠাউৰি বোৰত সমাগম বাঢ়ে |
পিতৃ-মাতৃ অথবা ভাই ভনীক হেৰাৱাই
কান্দে বহুজনে |
আৰু কান্দোনৰ আৰ্তনাদ শুনি ,
শগুণ-শিয়াল বোৰ কাষ চাপি আহে |
দিনৰ সূৰুযে মাথো চাই থাকে ||
আৰু নিশা হ'লে জোনবাই
জনীয়ে পহৰা দিয়ে |
তৰা বোৰে মিছিকি হাঁহি মাৰি
দুৰ্ভগীয়াক হাত বাউলি মাতে |
চিতা জ্বলাবলৈ কাঠ এটুকুৰা নাথাকে |
এটুকুৰা কাঠে হাজাৰ জনৰ সমাধি পাতে |
তেনেদৰেই বহুতৰ
চিতা একেলগে জ্বলে |
এদিনতে এখন ন-শ্মশান গঢ়ি উঠে |
© ৰাজু কলিতা
11/11/14